তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ অন্তৰ্গত কুমাৰীকাটাত আজি সমগ্ৰ দেশৰ লগতে ৩৮ সংখ্যক বিশ্ব এইডছ দিৱস পালন কৰা হয়। বেচৰকাৰী সংস্থা নৱোদয় ফাউনণ্ডেচন, সম্ভাৱনা, আৰু নাগ্ৰিজুলি উন্নয়ন সমিতিৰ দ্বাৰা আয়োজন কৰা এই বিশ্ব এইডছ উপলক্ষে এক সজাগতা সমদল ৰূপায়ণ কৰে। 

তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে উদ্বোধন কৰা সমদলটো ৰাইজিং ষ্টাৰ একাডেমি স্কুলৰ পৰা আৰম্ভ কৰি কুমাৰীকাটা স্বাস্থ্য কেন্দ্ৰত সমাপন কৰে। দৰঙ্গাজুলি এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰী সহ দুই শতাধিক ছাত্ৰ-ছাত্ৰী, পুৰুষ-মহিলা উপস্থিত থাকে। সমদলৰ শেষত এখন সজাগতা সভা অনুষ্ঠিত হয়।

সজাগতা সভাত কুমাৰীকাটা স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া অৰিন্দম কলিতা, সম্বাৱনা সংস্থাৰ সভাপতি মীৰজান আলী, ৰাইজিং ষ্টাৰ একাডেমি অধ্যক্ষ ঘনেশ্যাম দাসসহ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। সভাত স্বাস্থ্য বিষয়া অৰবিন্দ কলিতাই এইডছ সম্পৰ্কে সজাগতাৰ বিষয়ে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।