তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত আজব কাণ্ড! বুধবাৰে চৰকাৰী কৰ্মদিন যদিও কাৰ্যালয়ত উপস্থিত নাই বিষয়া-কৰ্মচাৰী। সেয়ে কাৰ্যালয়ৰ ভিতৰতে চাহৰ দোকান চলিছে। 

কাৰ্যালয়টোত উপস্থিত নাছিল শিক্ষা বিষয়াগৰাকীৰ লগতে অধিকাংশ কৰ্মচাৰী। উপস্থিত আছিল মাত্ৰ চতুৰ্থবৰ্গৰ দুগৰাকী কৰ্মচাৰীসহ কেইগৰাকীমান সৰ্বশিক্ষাৰ কৰ্মী। আনহাতে কাৰ্যালত সীমিত কৰ্মচাৰীৰ উপস্থিতৰ সুযোগ লৈ প্ৰাথমিক শিক্ষা খণ্ডটোৰ কেইখনমান বিদ্যালয়ৰ প্ৰধান শিক্ষকে কাৰ্যালয়তে বিলৰ কাম কৰি আছিল। 

এনে পৰিৱেশৰ সুযোগ ল’লে একাংশ কৰ্মচাৰীয়ে। ওচৰতে থকা চাহৰ দোকানীজনক মাতি আনি অফিচৰ ভিতৰতে চাহৰ দোকান খুলি ব্যৱসায় কৰাৰ এয়াই সুবৰ্ণ সুযোগ! 

কিন্তু ভবা কথা নহয় সদ্ধি, বাটত আছে কণা বিধি। দিনৰ বাৰমান বজাত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কেইজনমান নেতা-কৰ্মীয়ে কাৰ্যালয়টোলৈ বিশেষ কামত গৈছিল৷ দিনৰ বাৰ বজালৈ কাৰ্যালযটোত বিষয়া-কৰ্মচাৰী নেদেখি আৰু কাৰ্যালয়ৰ ভিতৰতে চাহৰ দোকান দেখি সাংবাদিকক খবৰ দিয়ে৷ সাংবাদিক গৈ কাৰ্যালয়টোত উপস্থিত হয়। কাৰ্যালয়টোৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰীয় দুজনে সাংবাদিক তথা আছুৰ নেতাকেইজনক দুৰ্ব্যৱহাৰ কৰে  বুলি অভিযোগ উঠিছে।