newsnextone.com | তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কাউৰবাহা উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুনীন দত্তক দুৰ্নীতি নিবাৰক শাখাই থানাখনৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিছিল যোৱা ৩০ জুনত৷ আৰক্ষী বিষয়াগৰাকীয়ে এটা গোচৰৰ জামিন সন্দৰ্ভত এজন লোকৰ পৰা ৬০ হেজাৰ টকা বিচাৰিছিল যদিও লোকজনে এজন দালালৰ জৰিয়তে ৬ হাজাৰ দিবলৈ ৰাজি হৈছিল৷
তাৰ পিছতে লোকজনে আৰক্ষী বিষয়াই টকা বিছৰাৰ অভিযোগ দিছিল দুৰ্নীতি নিবাৰক শাখাক আৰু মুনীৰ দত্তক টকাৰ সৈতে হাতে লোটে গ্ৰেপ্তাৰ কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই পুনৰ তামুলপুৰ মহকুমাত আৰক্ষীৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই বুধবাৰে নিশা৷