newsnextone.com | ডিজিটেল ডেস্কঃ হোৱাটছ এপত প্ৰচাৰ হোৱা ভুৱা খবৰ ৰোধ কৰিবৰ বাবে হোৱাটছএপ কৰ্তৃপক্ষই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ হোৱাটছ এপত প্ৰচাৰ হোৱা ভুৱা খবৰৰ তথ্য হোৱাটছএপ কৰ্তৃপক্ষক দিলে মোট অংকৰ ধন উপহাৰ হিচাপে প্ৰদান কৰিব৷ মিছা খবৰৰ প্ৰচাৰ কৰা মানুহক চিনাক্ত কৰি হোৱাটছ এপ কৰ্তৃপক্ষক খবৰ দিব লাগিব৷
বিগত দিনত ছ’চিয়েল মিডিয়াত প্ৰচাৰিত খবৰৰ ভিত্তিত দেশত কেইবাটাও হিংসাত্মক কাণ্ড সংঘটিত হৈছে৷ অসমত কাৰ্বি আংলং জিলাত দুই যুৱকক সোপাধৰাৰ সন্দেহত হত্যা কৰাৰ লগতে মহাৰাষ্ট্ৰত শিশু অপহৰণ কৰাৰ সন্দেহত ৫ গৰাকী লোকক একাংশ লোকে হত্যা কৰে৷