তামুলপুৰঃ তামুলপুৰ বিধান সভা সমষ্টিত আঢ়ৈ লাখ জনসংখ্যাৰে পৰিপূৰ্ণ ৷ প্ৰায় এক লাখ আশী হেজাৰ ভোটাৰ আছে ৷ বি টি চিৰ ভিতৰতে শিক্ষাৰ উচ্চ হাৰো মন কৰিবলগীয়া ৷

কিন্তু এনে জনবহুল তথা শিক্ষিত লোকেৰে পৰিপুষ্ট তামুলপুৰত এখন পূৰ্ণাংগ পৰ্যায়ৰ স্নাতক মহাবিদ্যালয় আজিকোপতি নথকাটো দুৰ্ভাগ্যজনক ৷ কিয়নো ৰাজ্য চৰকাৰখনে বিগত দিনত য’ত কলেজ আছে তাতো নতুন কলেজ স্থাপন কৰিছে ৷ আনকি দীনদয়াল উপাধ্যায়ৰ নামত কেইবাখনো ঠাইত প্ৰয়োজন নোহোৱা স্বত্ত্বেও কলেজ স্থাপন কৰিছে ৷ তামুলপুৰত কিয় স্থাপন কৰা হোৱা নাই ? তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ পুৰন্দৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা  বাৰ্ষিক বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংবাদিক নিতুমনি শইকীয়াই এনেদৰে মন্তব্য কৰে ৷

তেওঁ স্থানীয় বিধায়কজনক এইক্ষেত্ৰত দৃঢ় পদক্ষেপ ল'বলৈও আহ্বান জনাই কয় যে বিধায়ক ইমানুৱেল মুছাহাৰীয়ে সমষ্টিটোৰ বাবে যিখিনি কৰিছে সেয়া শলাগিবলগীয়া ৷ কলেজখন স্থাপনৰ স্বাৰ্থত আৰু অধিক কাম পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে তামুলপুৰীয়া ৰাইজৰ বাবে ৷ 

শইকীয়াই ছাত্ৰ সমাজক সঠিক দিশেৰে অধ্যয়ন কৰি মানৱ সম্পদ সমৃদ্ধ কৰিবলৈও আহ্বান জনায় ৷ তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে এজন ভাল মানুহ হোৱাৰ লক্ষ্য বান্ধি ল'ব লাগে ৷ এজন ভাল ডাক্তৰ বা ইঞ্জিনীয়াৰ হ'লেও যদি ভাল মানুহ হ'ব নোৱৰে তেতিয়া সমাজৰ একো লাভ নহয় ৷

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীক অনাগত দিনত শিক্ষাগ্ৰহণ কৰি সঁচা অৰ্থত একো একোজন ভাল মানুহ হৈ তামুলপুৰৰ সম্পদ, অসমৰ সম্পদ হোৱাৰ আহ্বান সাংবাদিকগৰাকীৰ ৷

সভাত আনগৰাকী মুখ্য অতিথি স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নত গুৰুত্ব দিয়াৰ উপৰিও সমষ্টিটোৰ ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়ি যোৱাৰ বাবে কি কি কাম কৰিছে সেয়া অৱগত কৰে ৷

সভাত গুৱাহাটী কলেজৰ অধ্যক্ষ চানচুমা খুংগুৰ বড়ো, কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক গোপেন মজুমদাৰ, নিৰ্দিষ্ট বক্তাৰ আসনৰপৰা শৈক্ষিক ক্ষেত্ৰখনৰ সন্দৰ্ভত সাৰুৱা ভাষণ দিয়ে ৷ সভাত বিদ্যালয় খনৰ অধ্যক্ষ বিভূতি ডেকা, উপাধ্যক্ষ দিলীপ কুমাৰ বড়ো প্ৰমুখ্যে শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মদন মোহন শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষকসকল, কেইবাখনো স্থানীয় বিদ্যালয়ৰ প্ৰধান শিক্ষকসহ স্থানীয় নাগৰিক উপস্থিত থাকে ৷