তামুলপুৰঃ তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনৰ উদ্যোগত অহা ৩ আৰু ৪ ব'হাগত অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুটি উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। কাৰ্যসূচী অনুসৰি ৩ ব'হাগ, ১৮ এপ্ৰিল বুধবাৰ পুৱা ৯-০০ বজাত তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনৰ পতাকা উত্তোলন। 

উত্তোলন কৰিব ৫৬ সংখ্যক তামুলপুৰ ৰঙালী বিহু উদযাপনৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ মহন্তই। পুৱা ৯-৩০ বজাত স্মৃতি তৰ্পণ কৰিব তামুলপুৰ মহকুমা ৰঙালী বিহুৰ স্থায়ী সভাপতি ডা: ৰমনে কুমাৰ কাকতি আৰু ৫৬ সংখ্যক তামুুুপুলৰ ৰঙালী বিহুৰ কাৰ্যকৰী সভাপতি সুৰেন ৰাভাই। পুৱা ৯-৪৫ বজাত তোৰণ উন্মোচন। উন্মোচন কৰিব ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। 

পুৱা ১০-০০ বজাত আশীৰ্বাদ অনুষ্ঠান। অতিথি হিচাপে উপস্থিত থাকিব ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়াই। পুৱা ১০-৩০ বজাত পৰম্পৰাগত খেল-ধেমাজী প্ৰতিযোগিতা। উদ্বোধন কৰিব গুৱাহাটী উচ্চ ন্যায়ালৰ অধিবক্তা শব্দ ৰাভাই। আবেলি ৫-০০ বজাত মুকলি বিহু প্ৰতিযোগিতা। উদ্বোধন কৰিব বি টি চিৰ কাৰ্যবাহী সদস্য গনেশ কছাৰীয়ে। 

মুকলি বিহুৰ প্ৰতিযোগিতা অতিথিবৃন্দ হিচাপে উপস্থিত থাকিব সমাজকল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিকা ৰাণী ব্ৰহ্ম, বিধায়ক ইমানুৱেল মছাহাৰী, কেন্দ্ৰীয়  যুৱ পি বি এফৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰী আৰু বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহাল। সন্ধিয়া ৬-০০ বজাত তামুলপুৰ মহকুমা ৰঙালী বিহুৰ মুখ পত্ৰ 'ৰঙিলী' উন্মোচন। উন্মোচন কৰিব বিশিষ্ট সাংস্কৃতিক কৰ্মী লেহো ৰাম বড়োই। সন্ধিয়া ৬-৩০ বজাত সাংস্কৃতিক সন্ধিয়া। উদ্বোধন কৰিব তামুলপুৰ জিলা বি পি এফৰ সভাপতি কেশৱ ৰাজবংশীয়ে। 

৪ ব'হাগ, ১৮ এপ্ৰিল বৃহস্পতিবাৰে পুৱা ৩-০০ বজাত মাৰাথান দৌৰ প্ৰতিযোগিতা। উদ্বোধন কৰিব কুমাৰীকাটা ক্ৰীড়া সংগঠক ম: আলাউদ্দিন আহমেদে। ফ্লেগৰ অফ্ কৰিব তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাই। পুৱা ৯-০০ বজাত মহিলাৰ ৰচিত টনা প্ৰতিযোগিতা। উদ্বোধন কৰিব কুমাৰীকাটাৰ মহিলা সমাজকৰ্মী মিছ ছাজিয়া বেগমে। পুৱা ১০-০০ বজাত চিত্ৰাংকণ প্ৰতিযোগিতা। পৰিচালনা কৰিব চিত্ৰশিল্পী অনিল বড়ো আৰু চিত্ৰশিল্পী প্ৰসাদ তালুকদাৰে। 

পুৱা ১১-০০ বজাত অসমীয়া জাতীয় সাজ-পাৰ পৰিধানৰ ওপৰত প্ৰতিযোগিতা। উদ্বোধন কৰিব তামুলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিশ্বনাথ ভট্টাচাৰ্য্যই। পুৱা ১২-০০ বজাত ৮ বজাৰপৰা ১২ বছৰৰ ভিতৰত সৰু বিহুৱতী প্ৰতিযোগিতা। উদ্বোধন কৰিব তামুলপুৰ ৰঙালী বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি নৰহৰি মহন্তই। সন্ধিয়া ৫-০০ বজাত বঁটা বিতৰণ আৰু দাতাসকলক সম্বৰ্দ্ধনা অনুষ্ঠান। 

বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা, সদৌ অসম কলিতা জনগোষ্ঠীয়ৰ সম্পাদক ভাস্কৰ কলিতা, তামুলপুৰ জিলা এ বি এম ছুৰ সভাপতি ম: টাইচন হুছেইন, তামুলপুৰ জিলা সমিতিৰ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক কংকন ৰাজবংশী, নিখিল বড়ো ছাত্ৰ সন্থাৰ তামুলপুৰ আঞ্চলি সমিতিৰ সভাপতি অজিত বড়ো, শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ তামুলপুৰ আঞ্চলিক সমিতিৰ সভাপতি ঘনশ্যাম ডেকা আৰু নিখিল ৰাভা ছাত্ৰ সন্থা তামুলপুৰ আঞ্চলিক সমিতৰ সভাপতি পূৰ্ণ ৰাভাই। 

সন্ধিয়া ৬ বজাত আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক উদ্বোধন কৰিব বি টি চিৰ কাৰ্যবাহী সদস্য দেবেন বড়োই। সাংস্কৃতিক সন্ধিয়াত অতিথি হিচাপে উপস্থিত থাকিব তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা, গান্ধীবাৰী আৰক্ষী চকীসহ পৰিদৰ্শক আৰক্ষী বিষয়া ৰাজেন বড়ো, কুমাৰীকাটাৰ বিশিষ্ট ব্যৱসায়ী ম: মিৰজান আলী, মঃ মইনুল হক, কুমাৰীকাটাৰ বিশিষ্ট ব্যৱসায়ী ম: ৰফিক আলী আৰু কুমাৰীকাটাৰ বিশিষ্ট ব্যৱসায়ী  ম: সজল হকে। 

সাংস্কৃতিক সন্ধিয়াত গীত পৰিবেশন কৰিব জনপ্ৰিয় কন্ঠশিল্পী 'সীমান্ত শেখৰ' আৰু 'দেৰহাচাৰ নাৰ্জাৰী'য়ে। মুকলি বিহুৰ প্ৰথম পুৰষ্কাৰ ১৫০০১ টকা, দ্বিতীয় পুৰষ্কাৰ ১০০০১ টকা আৰু তৃতীয় পুৰষ্কাৰ ৭০০১ টকা। ৫৬ সংখ্যক তামুলপুৰ মহকুমা ৰঙালী বিহুত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ মহন্ত আৰু সাধাৰণ সম্পাদক তীৰ্থৰঞ্জন মহন্তই।