তামুলপুৰঃ হেপাহৰ ৰঙালীক বিহুক কেন্দ্ৰ কৰি এতিয়া চৌদিশে উখল মাখল পৰিৱেশ। পিচ পৰি ৰোৱা নাই তামুলপুৰ কলবাৰীৰ বড়ো জনগোষ্ঠীৰ লোক সকলো৷ 

ৰঙালী বিহুৰ সমান্তৰালভাৱে বড়ো জনগোষ্ঠীৰ লোক সকলো ব্যস্ত ৰংজালী বৈশাগুক আদৰাত৷

শিশু, কিশোৰ-কিশোৰী, পুৰুষ-মহিলা সকলো ব্যস্ত বৈশাগু নৃত্যৰ অন্তিম আখৰাত৷ পৰম্পৰাগত সাজ পৰিধান কৰি আনন্দৰ মাজত সকলোৱে আখৰা চোৱাত মগ্ন হৈ পৰিছে৷