newsnextone.com | তামুলপুৰঃ শৈক্ষিক উন্নতিৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অসম চৰকাৰে একে চৌহদত একাধিকভাবে থকা বিদ্যালয়সমূহ একত্ৰিকৰণৰ ব্যৱস্থা কৰি ইতিমধ্যে অসমৰ প্ৰায় সকলো জিলাতে এই কাৰ্য সম্পন্ন কৰিছে। 

শেহতীয়াকৈ শিক্ষা বিভাগৰ শিক্ষা আয়ুক্তৰ অনুমতি সাপেক্ষে বাক্সা জিলাৰ ১৫ খন হাইস্কুলৰ লগত সংলগ্ন হৈ থকা এম ই স্কুলক একত্ৰিকৰণ কৰা হৈছে। ইয়াৰে ১‍১ খন  এম ই স্কুলে একে চৌহদৰ সংশ্লিষ্ট হাইস্কুলৰ লগত মিলি এক সুন্দৰ পৰিৱেশৰে  এখন বিদ্যালয় হিচাপে কাম কৰি গৈছে যদিও ইয়াৰে চাৰিখন বিদ্যালয়ে এতিয়ালৈ চৰকাৰী নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই  এতিয়াও পৃথক বিদ্যালয় হিচাপে কাম-কাজ চলাই থকা পৰিলক্ষিত হৈছে।  

যাৰ ফলত বিদ্যালয়ৰ ভিতৰ চৰাৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা বুলিও অভিযোগ উত্থাপন হৈছে। আনহাতে, বিদ্যালয়ৰ শৈক্ষিক প্ৰগতিৰ স্বাৰ্থত প্ৰদান কৰা এই নিৰ্দেশক উলংঘা কৰা কাৰ্যক লৈ তামুলপুৰৰ শিক্ষিত সমাজ আৰু সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

এই নিৰ্দেশ অমান্য কৰাৰ বাবে ইতিমধ্যে জুলাই মাহৰ পৰা সংশ্লিষ্ট মধ্য ইংৰাজী বিদ্যালয় কেইখনৰ দৰমহা বি ই ই অৰ যোগেৰে বন্ধ কৰা হৈছে। কিন্তু ইয়াৰ পিছতো বিদ্যালয়কেইখনে চৰকাৰৰ নিৰ্দেশক কোনো গুৰুত্ব সহকাৰে নলোৱাত বিদ্যালয় কেইখনৰ বিৰুদ্ধে চৰাকাৰৰ শিক্ষা বিভাগে অনুশাসনমনূলক ব্যৱস্থা গ্ৰহণ কৰাৰ সচেতন মহলে পোষকতা কৰিছে।