newsnextone৷ তামুলপুৰঃ তামুলপুৰৰ ডিমিলাপাৰত বিনয় চন্দ (37) নামৰ ব্যক্তি এজনৰ আত্মহত্যাৰ ঘটনাই অঞ্চলটোত চাঞ্চ্যলৰ সৃষ্টি কৰিছে। বিদেশী ন্যায়াধীশকৰণ আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে হতাশাগ্ৰস্ত হৈ আত্মহত্যা কৰিলে যুৱকজনে। বিনয় চন্দৰ মাতৃ শান্তী চন্দৰ নামত বিদেশী ন্যায়াধীশকৰণত এক বছৰ পূৰ্বে ৰে পৰা এটি গোচৰ ৰুজু হৈছিল। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা বিনয় চন্দে তামুলপুৰস্থীত বিদেশী ন্যায়াধীশকৰণ আদালত গৈ গৈ জুৰুলা হৈ পৰিছিল। প্ৰকৃত ভাৰতীয় নাগৰিক হৈও সন্দেহ যুক্ত নাগৰিকৰ গোচৰটো নিচপত্তি নোহোৱাত মানসিক আৰু অৰ্থনৈতিক ভাৱে ভাঙি পৰিছিল । ভূতৰ ওপৰত দানৱ পৰা দি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয় খচৰাত পৰিয়ালটোৰ নাম অন্তৰ্ভুক্ত নোহোৱাত ক্ৰমান্বয়ে মানসিক ভাৱে ভাঙি পৰিছিল। মাত্ৰ 20 দিনীয়া এটি সন্তানৰ পিতৃ বিনয় চন্দে সতাহাগ্ৰস্থ হৈ আজি পুৱতি নিশা চিপজৰি লৈ আত্মহত্যাৰ পথ বাছি লয়। এই বিনয়ী নম্ৰ যুৱক জনৰ অস্বাভাৱিক মৃত্যুত অঞ্চলজুৰি শোকৰ চা পৰিছে।
আমাৰ লক্ষ্য 'News Next One’ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch।