শুক্লাইঃ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ টংলা শাখাই দেশৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ বেংকৰ শাখাটোৱে গৌৰৱ কঢ়িযাই আনিব পৰা কোনো কামৰ বাবে স্থান দখল কৰা নাই৷ গ্ৰাহকে ঋণ লৈ পৰিশোধ নকৰাৰ বাবেহে দেশৰ ভিতৰতে দ্বিতীয় স্থানত টংলা ষ্টেট বেংক৷ ঋণ লৈ শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কে ঋণ পৰিশোধ কৰা নাই তথা বেংকৰ টকা ঘুৰাই দিয়া নাই।
ফলত ব্যাপক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে ষ্টেট বেংকৰ শাখাটোৱে৷ এতিয়া দেশৰ দ্বিতীয় স্থানত ঋণ অনাদায় বেংক হিচাবে চিহ্নিত হৈছে টংলা ষ্টেট বেংক৷ এই কথা খোদ প্ৰকাশ কৰিলে শাখাটোৰ ক্ষেত্ৰ পৰিচালক ৰঞ্জন কলিতাই৷