গুৱাহাটীঃ অগপ আৰু বিজেপি এতিয়া অতি মিত্ৰ দল। আজি যদি বিজেপি কাৰ্যালয়ত দুয়ো দলৰ যুটীয়া সংবাদমেল, কাইলৈ অগপৰ কাৰ্যালয়ত যুটীয়া সংবাদমেল। লগতে দুয়ো দলৰ কাৰ্যালয়ত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে যুটীয়া ৰণকৌশলৰ ইখনৰ পাছত সিখনকৈ সভা।
মঙলবাৰেও অগপ-বিজেপিৰ প্ৰচাৰ বিভাগে দুয়োটা দলৰ তৃণমূল কর্মীসকলৰ মাজত কেনেদৰে প্ৰচাৰ চলাব, সেই লৈ অগপৰ কাৰ্যালয়ত আলোচনা অনুষ্ঠিত হয়। লগতে দুয়োটা দলৰ মিত্ৰতাৰ কথা তৃণমূল পৰ্যায়ৰ কর্মীসকলৰ মাজলৈ কেনেধৰণে আগবঢ়াই লৈ যাব সেই সম্পৰ্কত আলোচনা কৰা হয়।