নগাঁওঃ সমাজৰ দৰিদ্ৰ, নিচলা, মানসিক বিকাৰগ্ৰস্ত, আইনগত বিশেষভাৱে অসহায় মহিলা তথা শিশুসকলৰ কল্যাণৰ বাবে জিলা ন্যায় সেৱা প্ৰাধিকাৰীয়ে কিছুদিনৰ পূৰ্বে নগাঁও জিলাৰ বিভিন্ন গাঁও পঞ্চায়ত সমূহত সহায়ক হোৱাকৈ একোজন অৰ্ধ আইনী স্বেচ্ছাসেৱকক নিযুক্ত কৰিছিল৷ সেই অৰ্ধ আইনী স্বেচ্ছাসেৱকসকলৰ এক প্ৰশিক্ষণ কাৰ্যসূচী মঙলবাৰে দিন যোৰা কাৰ্যসূচীৰে নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত নগাঁও আদালত ভৱনৰ সভাকক্ষত অনুষ্ঠিত কৰা হয়৷
পুৱা ১০:৩০ বজাত বন্তী প্ৰজ্বলনেৰে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ন্যায় সেৱা প্ৰাধিকাৰীৰ সচিব তথা জিলা ও সত্র ন্যায়াধীশ ৰিতা ক’ৰে৷ নগাঁও জিলা ন্যায় সেৱাই কেনেদৰে বিগত দিন সমূহত সমাজৰ দৰিদ্ৰ, নিচলা, আইনগতভাৱে অসহায় লোক সকলক সহায় কৰি সমাজত প্ৰতিস্থা কৰাই আহিছে সেই বিষয়ে ব্যাখ্যা আগবঢ়াই নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশ মুন মুন বি শৰ্মাই৷