নগাঁওঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত চকলাঘাটৰ ক্ষেত্ৰী গাঁওস্থিত ঐতিমণ্ডিত শতবৰ্ষ গৰকা হাতীচোং সঞ্জীৱনি সংস্কৃত টোলৰ চৌহদত থকা বিষ্ণু মন্দিৰত সোমবাৰে নিশা চুৰিকাৰ্য সংঘটিত হয়৷
কোনো দুৰ্বৃত্তই মন্দিৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি পিতলৰ মুৰ্তিৰ লগতে সোণৰ বাঁহী, ৰূপৰ চেইন, সোণৰ ফুলিৰ লগতে নগদ টকা লুটি লৈ যায়। জাজৰি থানাৰ এলেকাত ধাৰাবাহিকভাৱে নামঘৰ, মঠ মন্দিৰত চোৰে লুটপাট চলাই আহিছে। অঞ্চলৰ ৰাইজে জনোৱা মতে নিশা অঞ্চলত কোনো ধৰণৰ গাঁওৰক্ষী বাহিনীৰ দল দেখা নাপায়।