Home সংস্কৃতিনীলম দোলাকাষৰীয়াৰ বিহু সম্ৰাজ্ঞী ২০১৯ খিতাপ লাভ

নীলম দোলাকাষৰীয়াৰ বিহু সম্ৰাজ্ঞী ২০১৯ খিতাপ লাভ

by News Desk
A+A-
Reset
sam

গুৱাহাটীঃ ঐতিহ্যমণ্ডিত লতাশিল বিহুৰ সম্ৰাজ্ঞী ২০১৯ প্ৰতিযোগিতা ফলাফল ঘোষণা কৰা হয়। লখিমপুৰৰ নীলম দোলাকাষৰীয়াই লাভ কৰে ২০১৯ বর্ষ বিহু সাম্ৰাজ্ঞী খিতাপ। মুঠ ১২ গৰাকী প্ৰতিযোগীৰ মাজৰপৰা লতাশিল ‘বিহু সম্ৰাজ্ঞী’ খিতাপ দখল কৰা নীলমে লাভ কৰে তৰামাই দাস সোঁৱৰণী নগদ এক লাখ টকা আৰু নেমকেয়াৰ হাস্পতালৰ চাকৰি। ইয়াৰ উপৰিও উপহাৰ হিচাপে লাভ কৰে ১০ গ্রাম সোণ, ৰেফ্ৰিজাৰেটৰ, টিভি, ৱাছিং মেচিনৰ লগতে বহু আকর্ষনীয় পুৰষ্কাৰ।

আনহাতে লতাশিল বিহু ৰাণী ২০১৯ খিতাপ দখল কৰে ডিব্ৰুগড়ৰ নিহাৰিকা শইকীয়াই। নিহাৰিকাই লাভ কৰে নগদ ৫১ হাজাৰ টকা, ট্ৰফী, পাঁচ গ্রাম সোণৰ মুদ্ৰা। একেদৰে বিহু কুঁৱৰী সন্মান সন্মান লাভ কৰিবলৈ সক্ষম হয় ডিব্ৰুগড়ৰ নিবেদিতা বৰাই। নিবেদিতাই লাভ কৰে নগদ ৩১ হাজাৰ টকা, ট্ৰফী লগতে পাঁচ গ্রাম সোণৰ মুদ্ৰা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0