গুৱাহাটীঃ ৰঙালীৰ বিহুৰ প্ৰাকক্ষণত যুৱ সাংবাদিক মঞ্চ, অসমে শনিবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবৰ বাকৰিত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰে 'মন ব’হাগী' শীৰ্ষক এক বিশেষ অনুষ্ঠান।

মঞ্চই প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই বিশেষ অনুষ্ঠানৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে বিশিষ্ট ক্ৰীড়া সংগঠক বিষ্ণু ৰাম মুনিচাই। পতাকা উত্তোলন কৰি নুনিচাই মঞ্চৰ এই প্ৰদক্ষেপক প্ৰশংসা কৰে। লগতে কয় এনে অনুষ্ঠানে সমাজত ভাতৃত্ববোধ সৃষ্টি কৰে।

ইয়াৰ পাছতে ৰঙালী বিহুৰ বিভিন্ন পৰম্পৰাগত খেল-ধেমালি, বিহু নৃত্য, বিহু হুঁচৰি পৰিৱেশন আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। 'মেজাংকৰি মেঘমল্লাৰ" বিহু হুঁচৰি দলে বিহু নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে।

ইফালে মন ব’হাগী অনুষ্ঠানত ৰছী টনা আৰু টেকেলি ভঙা আদি বিভিন্ন খেল-ধেমালি অনুষ্ঠিত হয়।ৰছী টনা খেলসমূহ পুৰুষ-মহিলা দুটা শাখাত অনুষ্ঠিত হয়। খেলসমূহ পৰিচালনা কৰে বিশিষ্ট সাংবাদিক বিপুল কুমাৰ শৰ্মাই। 

অনুষ্ঠানৰ শেষত বিজয়ী দলসমূহক ভোগালী জলপানৰ তৰফৰপৰা পুৰসস্কাৰ প্ৰদান কৰা হয়।