newsnextone.com । বিহালীঃ চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে সোমবাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১.৩৩ টকালৈ বৃদ্ধিৰ দাবীত অসম জুৰি বাগিছা বন্ধ কাৰ্যসূচী সফল কৰি তোলাৰ বাবে যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক তথা অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সভাপতি বিবেক দাসে চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ অন্তৰ্ভূক্ত সংগঠন,সকলো বিৰোধী ৰাজনৈতিক দল তথা সকলো চাহ শ্ৰমিক তথা চাহ জনগোষ্ঠী ৰাইজৰ প্ৰতি এক প্ৰেছ বিজ্ঞপ্তি যোগে ধন্যবাদ জ্ঞাপন কৰিছে।
এই বাগিছা বন্ধ কাৰ্যসূচীত অসমৰ ৬ লাখৰো অধিক চাহ শ্ৰমিকে অংশ গ্ৰহন কৰি প্ৰথমবাৰৰ বাবে ৰাজ্য খনৰ ঐতিহাসিক ধৰ্মঘট হিচাপে চিহ্নিত হ’ল আৰু চাহ শ্ৰমিকৰ মজুৰি ৩৫১.৩৩ টকালৈ বৃদ্ধি কৰাৰ দাবীটোৰ নাৰ্য্যতা সাব্যস্ত হ’ল। চৰকাৰে অনতি পলমে এই নিৰ্দিষ্ট মজুৰি চাহ শ্ৰমিকৰ বাবে ঘোষনা কৰিব বুলি যৌথ সংগ্ৰাম সমিতিয়ে আশা প্ৰকাশ কৰে।