তেজপুৰঃ অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ উদ্যোগত শোনিতপুৰ জিলা সমিতিৰ সহযোগত আজি সাহিত্য অনুপ্ৰেৰণা দিৱস উদযাপন কৰা হয়। তেজপুৰৰ সাহিত্য সভা ভৱনত আয়োজিত জিলা সমিতিৰ সভাপতি ভোলাৰাম ৰাউতীয়া পতাকা উত্তোলন কৰে।
অনুষ্ঠানটোত চাহ জনগোষ্ঠীৰ বিশিষ্ট লেখক পণ্ডিত দেউৰাম তাছাৰ ২১ তম মৃত্যু বাৰ্ষিকী উপলক্ষে চাহ জনগোষ্ঠীৰ ভাষা সাহিত্যত দেউৰাম তাছাৰ অৱদান শীৰ্ষক স্মাৰক বক্তৃতা অনুষ্ঠান সঞ্চালনা কৰে হেমন্ত বৰুৱাই। দেউৰাম তাছাৰ প্ৰতি শ্ৰদ্ধাঞ্জলী যাঁচি মাল্যাৰ্পণ কৰে আৰক্ষী বিষয়া নোমল মাহাতুবে।