ৰঙিয়াঃ শিক্ষাগুৰুৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ ক্ষোভ৷ মানৱ সম্পদ গঢ়াৰ খনিকৰে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ পিনে পিঠি দিয়াত ক্ষোভ ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ৷ শিক্ষাগুৰুৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰী, অভিভাৱকে ক্ষোভ প্ৰকাশ কৰিয়ে ক্ষান্ত নাথাকি বিদ্যালয়ত তলা ওলোমাই দিয়ে৷
ৰঙিয়াৰ তিতকুৰি ৬১ নং প্ৰাথমিক বিদ্যালয়ত আজি স্থানীয় ক্ষোভিত ৰাইজে তলা ওলোমাই দিয়ে৷ প্ৰধান শিক্ষক আবুল হুছেইনে বিদ্যালয়খনত প্ৰায় অনুপস্থিত থকাত স্থানীয় ৰাইজ ক্ষোভিত হৈ আজি বিদ্যালয়খনত তলা ওলেমাই প্ৰতিবাদ সাব্যস্ত কৰে।