নাৰায়নপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত দেখা গৈছে কেৰাণীৰ দম্ভালি। কাৰ্যালয়ৰ ভিতৰতে শিক্ষা বিষয়াৰ উপস্থিতিতে উচ্চ বৰ্গৰ সহায়ক কেৰাণী বিমান শইকীয়াই শিক্ষকক অপদস্থ কৰাৰ লগতে মাৰপিটো কৰাৰ অভিযোগ উত্থাপিত হৈছে।

দেওবাৰে দুপৰীয়া সংঘটিত হৈছিল এই ঘটনা। শিক্ষা খণ্ডটোৰ অধীনস্থ চমুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তপন দেৱক বিলৰ কামৰ বাবে মাতি পঠোৱা হৈছিল শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ। বিলৰ সামান্য কাগজ-পত্ৰৰ আসোঁৱাহ দেখুৱাই কেৰাণী বিমান শইকীয়াই শিকক জনক অপদস্থ কৰাৰ লগতে গতিয়াই কোঠাৰ পৰা বাহিৰ কৰি দিয়া বুলি জানিবপৰা গৈছে।

ইয়াৰ আগতেও বহু শিক্ষকক অপদস্থ কৰাৰ লগতে বিল পাছ কৰাই দিয়াৰ নামত শিক্ষকৰ পৰা পৰা ধন দাবী কৰাৰো অভিযোগ আছে কেৰাণী বিমান শইকীয়াৰ বিৰুদ্ধে। যাৰ অনুৰূপ ঘটনাৰ সন্মুখীন হ'ল প্ৰধান শিক্ষক তপন দেৱ।

এই কাণ্ডৰ তীব্ৰ প্ৰতিবাদ জনাই সোমবাৰে শিক্ষা খণ্ডটোৰ অধীনৰ শিক্ষক সকলে এক প্ৰতিবাদী সভা অনুস্থিত কৰি জিলা শিক্ষা বিষয়া, জিলা উপায়ুক্ত, স্থানীয় বিধায়কৰ লগতে শিক্ষা মন্ত্রীলৈও অভিযোগ পত্ৰ প্ৰেৰণ কৰে।

মঙলবাৰে শিক্ষা খণ্ডটোৰ অধীনস্থ শতাধিক শিক্ষক নাৰায়ণপুৰ শিক্ষা খণ্ডত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। শিক্ষা বিষয়া বিনোদ মৰাঙৰ উপস্থিতিতে কেৰাণী বিমান শইকীয়াক তীব্ৰ ভাষাৰে গালি-গালাজ কৰাৰ লগতে আঠু কাঢ়ি ক্ষমা খোজাৰ দাবী জনাই উত্তেজিত শিক্ষক সকলে।

উপস্থিত শিক্ষক সকলে শিক্ষা বিষয়া গৰাকীকো চোকা ভাষাৰে সমালোচনা কৰে। শিক্ষাখণ্ডটোত পৰিস্থিতি উত্তপ্ত হোৱাৰ উমান পাই কোনো লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত নাৰায়ণপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুশীল ভূঞাৰ নেতৃত্বত এটা আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে।

লগতে অভিযুক্ত কেৰাণী বিমান শইকীয়াক আটক কৰি নাৰায়ণপুৰ থানালৈ লৈ যায়। আনহাতে কেৰাণী বিমান শইকীয়াই এই অভিযোগ মিছা বুলি দাবী কৰিছে। এতিয়া শিক্ষা মন্ত্রী গৰাকীয়ে শিক্ষা বিভাগৰ এনে কু-কৰ্মত কি পদক্ষেপ গ্ৰহণ কৰে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।