নাৰায়নপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত দেখা গৈছে কেৰাণীৰ দম্ভালি। কাৰ্যালয়ৰ ভিতৰতে শিক্ষা বিষয়াৰ উপস্থিতিতে উচ্চ বৰ্গৰ সহায়ক কেৰাণী বিমান শইকীয়াই শিক্ষকক অপদস্থ কৰাৰ লগতে মাৰপিটো কৰাৰ অভিযোগ উত্থাপিত হৈছে।
দেওবাৰে দুপৰীয়া সংঘটিত হৈছিল এই ঘটনা। শিক্ষা খণ্ডটোৰ অধীনস্থ চমুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তপন দেৱক বিলৰ কামৰ বাবে মাতি পঠোৱা হৈছিল শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ। বিলৰ সামান্য কাগজ-পত্ৰৰ আসোঁৱাহ দেখুৱাই কেৰাণী বিমান শইকীয়াই শিকক জনক অপদস্থ কৰাৰ লগতে গতিয়াই কোঠাৰ পৰা বাহিৰ কৰি দিয়া বুলি জানিবপৰা গৈছে।