তেজপুৰঃ পথ দুৰ্ঘটনাত শিক্ষয়িত্ৰীৰ মৃত্যু৷ তেজপুৰৰ নিকামুল চাৰিআলিত সংঘটিত পথ দুৰ্ঘটনাত তেজপুৰৰ কুচুম ডেকা সোঁৱৰণী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী সুৰভী তামুলিৰ মৃত্যু হোৱাত তেজপুৰত শোকৰ ছাঁ পৰে।
জানিব পোৱা মতে, অইন দিনাৰ দৰে আজিও পুৱাৰ ভাগতে স্বামী-স্ত্ৰীয়ে ঘৰৰ পৰা ওলাই আহিছিল৷ এ-এচ-১২-এইচ-০৫২৭ নম্বৰৰ এখন স্কুটিৰে আহি থকাৰ সময়ত বিপৰিত দিশৰ পৰা আহি থকা এ-এচ-১২-ডি-২৭৮০ নম্বৰৰ ডাম্পাৰে খুন্দা মৰাৰ ফলত সুৰভি নামৰ শিক্ষয়িত্ৰীগৰাকীৰ থিতাতে মৃত্যু হয়।