ডিজিটেল ডেস্কঃ ‘ঘৰলৈ গৈ কাইলৈ সকলোৱে ছুইছাইড নোট লিখি আনিবা।’ ছাত্ৰ-ছাত্ৰীক এনে এক হোমৱৰ্ক কৰি আনিবলৈ দিলে লণ্ডনৰ এখন বিদ্যালয়ে। লণ্ডনৰ কিডব্ৰুকত থমাছ টালিছ স্কুলৰ এগৰাকী শিক্ষকৰ এই কাণ্ডক লৈ ক্ষোভিত হৈ পৰিছে অভিভাৱকসকল।
উইলিয়াম শ্বেক্সপীয়েৰৰ ট্ৰেজেডি মেকবেথ পঢ়ুওৱা হৈছিল সেই পিৰিয়ডটোত। নাটকত লেডী মেকবেথৰ আত্মহত্যাৰ বিখ্যাত দৃশ্যটোৰ পাঠদান কৰাৰ পিছতে হোমৱৰ্ক হিচাপে শিক্ষকগৰাকীয়ে কৈশোৰত ভৰি থোৱা ছাত্ৰ-ছাত্ৰীসকলক ছুইছাইড নোট লিখি অনাৰ হোমৱৰ্ক দিয়ে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ আপোনসকলক অন্তিম চিঠি কেনেদৰে লিখিব সেয়াই চাবলৈ বিচাৰিছিল শিক্ষকগৰাকীয়ে।