মৰিয়নি/গুৱাহাটীঃ এজন যুৱ শিক্ষকে আত্মহত্যা কৰাৰ পূৰ্বে ফেচবুকত লিখি থৈ যোৱা এখন চিঠিয়ে তোলপাৰ লগাইছে ৰাজ্যত৷ যোৰহাট জিলা ৰিবুল মালি নামৰ যুৱ শিক্ষকজনে ২০১২ চনৰ পৰা ধুবুৰীৰ এটি অতি পিছপৰা চৰ অঞ্চলত অনিয়মীয়া শিক্ষক হিচাবে কাম কৰি আছিল।
পত্নী আৰু এটি কণমানি পুত্ৰৰ সৈতে ধুবুৰীত বাস কৰা থকাৰ সময়ত তেওঁক একাংশ লোকে ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপন কৰে। তেওৰ পত্নীৰ অশ্লীল ভিডিঅ’ ৰেকৰ্ডিং কৰি ব্লেকমেইলিং কৰাৰ ফলত ভাগি পৰি অৱশেষত ৰেলৰ আগত পৰি আত্মহত্যা কৰে যুৱ শিক্ষকেজনে৷