newsnextone.com। খাৰুপেটীয়াঃ বিশ্ব বিশ্ৰুত দাৰ্শনিক পণ্ডিত তথা ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত ৫ চেপ্তেম্বৰত আয়োজিত শিক্ষক দিৱস উপলক্ষে দৰঙৰ জিলা প্ৰশাসনে জিলাখনৰ ১৫ গৰাকীকৈ শিক্ষকক কৃতী শিক্ষক ৰূপে সন্মনিত কৰিব। দৰং জিলা প্ৰশাসনে জিলা ভিত্তিক মূল অনুষ্ঠানৰ আয়োজন কৰিছে আউলাচৌকাস্থিত ৰঙামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।
পুৱা দহ বজাত বন্তি প্ৰজ্বলনেৰে, ডঃ ৰাধাকৃষ্ণণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন, মুকলি সভা, স্মৰণিকা উন্মোচন আৰু কৃতী শিক্ষকৰ বঁটা প্ৰদান আদি বিভিন্ন কাৰ্যসূচীৰে জিলা প্ৰশাসনে ৫৭তম শিক্ষক দিৱসৰ দিনটি উদযাপন কৰিব।