ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো কাল কৰোণাৰ সংক্ৰমন বৃদ্ধি পাইছে। বৰ্তমান সময়ত অসমৰ চাহ বাগিচা অন্ধল সমুহত কৰোণা ভাইৰাছ অতি দ্ৰুত গতিত বৃদ্ধি পাইছে। বৰ্তমান অসমৰ বিভিন্ন বাগিছাত Containment zone হিচাপে সৰু সৰু লাইনক ভাগ কৰা দেখা গৈছে।
এই ভাইৰাছৰ প্ৰভাৱৰ ফলত চাহ বাগিছা অঞ্চল সমুহত আতংকৰ সৃষ্টি হৈছে। এই সময়ছোৱাত খাটি খোৱা দিন হাজিৰা কৰা শ্ৰমিক সকলৰ খাদ্য সামগ্ৰী নাটনিকে ধৰি ভিন্ন সমস্যাই দেখা দিছে। চৰকাৰৰ পৰা বিনামূলীয়া চাউল লাভ কৰিছে যদিও বহু লোকে গাঁওত কাম-কাজ কৰি চলিছিল কিন্তু কৰোণা ভাইৰাছৰ বাবে কাম কৰি টকা আনিব পৰা নাই সেই গতিকে পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত হৈছে। বাগিছাৰ Contament zoneৰ লাইনত থকা লোকসকলৰ পানী, খৰি আদিৰ অভাৱ দেখিবলৈ পোৱা গৈছে।
মহামাৰী কৰোণা ভাইৰাছৰ সময়ত নিজৰ জীৱনৰ কথা নাভাবি বাগিছাত কাম কৰে শ্ৰমিকসকলে। মালিক আৰু কোম্পানীৰ পক্ষৰ কোনো ভূমিকা দেখা পোৱা নাই।