ধিংঃ মানৱতাক ভূলুণ্ঠিত কৰা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ধিঙত। শ্বৰিয়তৰ নিময় অনুযায়ী মহিলা এগৰাকীক চৰম শাস্তি বিহাৰ ঘটনাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক লজ্জানত কৰাৰ পিছতেই এইবাৰ নাবালিকাক বলপূৰ্বক বিয়াত বহুওৱাৰ ঘটনা পোহৰলৈ আহিছে ধিঙত।
হোজাই জিলাৰ মুছলেম চৰত এগৰাকী নাবালিকাক বলপূৰ্বক ভাৱে অপহৰন কৰি বিয়াত বহালে দেৱানী মাতব্বৰে। মাতব্বৰ দেৱানীৰ পৰিয়ালে এগৰাকী ১১ বছৰীয়া নাবালিকাক অপহৰন কৰি বিয়াত বহুওৱা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি হৈছে।