অসম-মিজোৰাম সীমান্তত গুলীচালনা: আহত অসম আৰক্ষীৰ জোৱান৷

Home অন্যান্য খবৰঅসম-মিজোৰাম সীমান্তত গুলীচালনা: আহত অসম আৰক্ষীৰ জোৱান৷

অসম-মিজোৰাম সীমান্তত গুলীচালনা: আহত অসম আৰক্ষীৰ জোৱান৷

by News Desk
60 views
A+A-
Reset

ডিজিটেল ডেস্কঃ পুনৰ অশান্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ অঞ্চল৷সীমাবিবাদে বাৰে বাৰে অসম আৰক্ষীক সমস্যাত পেলাই থকাৰ মাজতে এক ভয়ংকৰ ঘটনাৰ ৰূপ লবলৈ আগবাঢ়িছে অসম-মিজোৰাম সীমা বিবাদে৷পূৰ্বৰে পৰা চলি থকা এই বিবাদে ভয়াৱহ ৰূপ লয় যেতিয়া মিজোৰামৰ কিছু লোকে মিজোৰামৰ সীমা পাৰ হৈ কাচাৰ জিলাত প্ৰৱেশ কৰিছিল৷এই লোকসকলক খেদি পঠিয়াবলৈ অসম আৰক্ষীৰ এটি দল সীমান্ত অঞ্চলত উপস্থিত হৈছিল উপায়ুক্তৰ নেতৃত্বত৷হঠাৎ মিজোৰামৰ পৰা অহা এটি প্ৰায় ১০০ জনীয়া দুষ্কৃতিকাৰীৰ দলে হাতে হাতে লাঠি,জোং লৈ উপস্থিত হয় আৰু আক্ৰমণ চলায়৷লণ্ড-ভণ্ড কৰে অসম আৰক্ষীৰ বাহন৷উপায়ুক্তৰ গাড়ীলৈ গুলীচালনা কৰে দুষ্কৃতিকাৰীয়ে৷এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা কৰে উপায়ুক্তই৷৷মিজো দুষ্কৃতিকাৰীৰ গুলিচানাত অসম আৰক্ষীৰ কেবাগৰাকী জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে৷ ঘটনাৰ প্ৰসংগত অসমৰ মূখ্যমন্ত্ৰীয় ড° হিমন্ত বিশ্ব শৰ্মাই মিজোৰামৰ মূখ্যমন্ত্ৰী জোৰামঠাংগা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক টুইট কৰি এই ঘটনাৰ বিষয়ে অৱগত কৰোৱাৰ লগতে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে৷ড° শৰ্মাই মিজোৰামৰ মূখ্যমন্ত্ৰীৰ লগত টেলিফোনযোগে কথা পতা বুলিওঁ প্ৰকাশ কৰে৷ আনহাতে অসম আৰক্ষীয়েওঁ প্ৰতু্ত্তৰ দিবলৈ সাজু হৈছে৷ইয়াৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকাই দেখা দিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0