66
তেজপুৰঃ সদ্যঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ তিনিটা পঞ্চায়ত ক্ৰমে ৰঙাজান গাঁও পঞ্চায়ত, চামধৰা পঞ্চায়ত, আৰু শিঙিতলি পঞ্চায়ত কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হয়।
মংগলবাৰে ১৮ মাইলৰ গুদামঘাটত অনুস্থিত কংগ্ৰেছৰ এখন সভাত সমষ্টিটোৰ ৰঙাজান গাঁও পঞ্চায়ত, চামধৰা পঞ্চায়তত আটাইকেইটা পদতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰা প্ৰাৰ্থীসকলক দলে সম্বৰ্ধনা জনায়।