10
গুৱাহাটীঃ ২০১৯ চনত অনুষ্ঠিত হ’বলগীয়া আই পি এল খেলৰ বাবে গুৱাহাটীৰ উদীয়মান ক্ৰিকেট খেলুৱৈ ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ খেলিব৷
যোৱা ১৮ ডিচেম্বৰত অনুষ্ঠিত হোৱা নিলামত ৰিয়ানক ৰাজস্থান ৰয়েলছে ২০ লাখ টকাত ক্ৰয় কৰে৷ তেওঁৰ লগতে তৃতীয় ৰাউণ্ডৰ নিলামত ৰাজস্থান ৰয়েলছে ২০ লাখ টকাত মনন বোহৰা আৰু ৫০ লাখ টকাত আষ্টন টুৰ্নাৰক ক্ৰয় কৰে৷