তেজপুৰঃ ৰঙালী বিহু ৰাজ্যজুৰি পালন কৰা হয় সাতদিন ধৰি। সাত বিহুৰ শনিবাৰে অন্তিম দিনা পালন কৰা হয় চেৰা বিহু তথা জীয়ৰী বা চেনেহী বিহু।

৬ ব’হাগ বা বিহুৰ সপ্তম দিনা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে; সেয়ে সেইদিনা ‘জীয়ৰী বা চেনেহী বিহু’। সকলো জীয়ৰিয়ে পিতৃমাতৃ গৃহলৈ আহি আনন্দ-ফূৰ্তী কৰে। তেজপুৰতো আজি একাংশই পালন কৰিলে চেনেহী বিহু।