47
তেজপুৰঃ সাংস্কৃতিক নগৰী তেজপুৰৰপৰা এদল উদিয়মান লোকৰ প্ৰচেষ্টাত আত্মপ্ৰকাশ পোৱা কথাশিল্প গোষ্ঠী উদ্যোগত কবি সংগীতা ৰাজখোৱাৰ কবিতা পুথি শব্দৰ বেলিফুলবোৰ শীৰ্ষক কবিতা পুথিখন উন্মোচন কৰে স্বাধীনতা মহন্তই। শনিবাৰে তেজপুৰ সাহিত্য সভা ভৱন কথাশিল্পী গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত উন্মোচন কৰে বিশিষ্ট শিক্ষাবিধ দিলীপ বৰুৱা, পুলক ডেকা আদি কৰি লোকসকল উপস্থিত থাকে। ইয়াৰ পাছত এখন কবি সন্মিলন অনুষ্ঠিত হৈ যায়।