63
অপু্ৰ্ব বৰা, তেজপুৰঃ চাৰিদুৱাৰ ভোবোলা গাঁও নামঘৰত অনুষ্ঠিত শ্ৰীশ্ৰীব্ৰহ্ম সনাতন সংঘৰ ৮৬ সংখ্যক ৰাজ্যিক অধিৱেশনৰ লগত সংগতি ৰাখি চাৰিদুৱাৰৰপৰা বালিপৰালৈ ভাগৱত ভ্ৰমণ কৰা হয়।
বিভিন্ন জাতি-জনগোষ্ঠী-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীক একত্ৰিত কৰি শ্ৰীমন্ত শংকৰ-মাধৱদেৱে গঢ়িব বিচৰা সমাজখনৰ লগতে কলাগুৰুকে আদি কৰি বহুজনৰ চিন্তাৰ বৰ-অসমখনৰ সপোন সোমবাৰৰ অনুষ্ঠানটিৰ জৰিয়তে প্ৰতিফলিত হোৱা দেখা পোৱা গ’ল।