তেজপুৰঃ শোণিতপুৰৰ ৰঙাপৰাৰ আমাৰীবাৰীত এখন দলং নিৰ্মানক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । বালিপৰাৰ পৰা ৰঙাপৰা মিচামাৰী যোৱা পথছোৱাত আমাৰীবাৰীৰ কালনী নদীৰ ওপৰত চৰকাৰী পথ নিৰ্মাণ সংস্থা GREFয়ে নিৰ্মাণ কৰি থকা এখন দলঙক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
পথ নিৰ্মাণ সংস্থা, চমুকৈ GREFয়ে নিৰ্মাণ কৰি থকা পুৰণি দলংখনৰ কাষতে পুনৰ এটা নতুনকৈ কালভাৰ্ট নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি ক্ষুদ্ধ হৈ পৰিছে আমাৰিবাৰীৰ স্থানীয় ৰাইজ। কিয়নো আগৰ দলংখনৰপৰা মাত্ৰ ৬ মিটাৰ নিলগত নিৰ্মাণ কৰা এই কালভাৰ্টে বৃহত্তৰ অঞ্চলবাসীলৈ কঢ়িয়াই আনিব পাৰে চৰম ভাবুকি।