122
তেজপুৰঃ ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ কবলত সাংস্কৃতিক নগৰী তেজপুৰ। বৰ্তমানলৈকে তেজপুৰত আৰক্ষীয়ে আটক কৰিছে চাৰি জনকৈ ড্ৰাগছ সেৱনকাৰীক।
সোমবাৰে নিশা তেজপুৰ আৰক্ষীৰ অভিযানত জব্দ কৰা এখন স্কুটি নিবলৈ আহি আৰক্ষীৰ ওচৰৰপৰা কৌশলেৰে পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰীতম চৰকাৰ ওৰফে কাই নামৰ এজন যুৱকক। তেজপুৰত ড্ৰাগছৰ ৰমৰমীয়া বেহা আনহাতে, চহৰখনৰ একাংশ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ মাজতো দেখা গৈছে ড্ৰাগছৰ প্ৰচলন।