নলবাৰীঃ পশ্চিম নলবাৰীৰ নদলাত অহা ৯ মে’ত ঐতিহ্যমণ্ডিত নদলা কেঁচাইখাইটী থানত দিনজোৰা কাৰ্যসূচীৰে ১১৯ তম্‌ বাৰ্ষিক চৌ পূজাৰ আয়োজন কৰা হৈছে৷ হৰেন বৰ্মনক সভাপতি, ৰমেশ কাকতিক উপ-সভাপতি, বিপিন কাকতিক সম্পাদক হিচাপে লৈ এখন পূজা পৰিচালনা সমিতি গঠন কৰিছে৷ 

পূজাৰ কাৰ্যসূচী অনুসৰি ২৫ বহাগ (৯ মে’)ৰ ৰাতিপুৱা ৬-৩০ বজাত "চৌ" নিৰ্মানৰ কাম আৰম্ভ, ৭ বজাত পতাকা উত্তোলন, ৮ বজাত বন্তি প্ৰজ্বলন কৰিব মন্দিৰৰ স্থায়ী দেউৰী শ্ৰী মতী কুসুম বৰ্মনে। ইয়াৰ পিছতে গছপুলি ৰোপন কৰিব উপেন বৰ্মন, মুকুন্দ চৌধুৰী, মদন তালুকদাৰ আৰু শংকৰদেৱ মধ্যইংৰাজী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে। শ্বহীদ তৰ্পণ কৰিব ৰমেশ কাকতি, প্ৰনৱ বৰ্মনে। কামৰূপীয়া ঢুলীয়াৰ অনুষ্ঠান, চৌ স্থাপন আৰু পূজা আৰম্ভ কৰা হ’ব। 

দুপৰীয়া ১ বজাত পুস্পাঞ্জলি প্ৰদান। এই অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব। ২ বজাত প্ৰসাদ আৰু ৰাজহুৱা ভোগ বিতৰণ কৰা হ’ব। ৫ বজাত শোভাযাত্ৰা কৰি 'চৌ' বুঢ়াদিয়া নৈত বিসৰ্জন দিয়া হ’ব। সন্ধিয়া আতচবাজী প্ৰজ্বলন আৰু নদলা গাঁওৰ আয়তীসকলে সমূহীয়া বন্তি প্ৰজ্বলন কৰিব। নাগাৰা নামৰ অনুষ্ঠান উদ্বোধন কৰিব নতুন দেহৰ জিলা পৰিষদ সদস্য ভাস্কৰ শৰ্মাই। নাগাৰা নাম পৰিৱেশন কৰিব চামতাৰ পাঠক দিলীপ হালৈৰ দলে। 

নিশা সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰিব স্থানীয় গাঁও পঞ্চায়ত সভাপতি সুভাষ বৰ্মনে। মঞ্চত গীত মাত পৰিৱেশন কৰিব গুৱাহাটীৰ কন্ঠশিল্পী ৰিংকী তৃষ্ণা আৰু প্ৰাণ বিনোদে। ১১৯ তম্ বাৰ্ষিক 'চৌ' পূজা মহোৎসৱৰ সকলো কাৰ্যসূচীতে ধৰ্মপ্ৰাণা ৰাইজৰ উপস্থিতি আৰু সহযোগিতা উদযাপন সমিতিয়ে শ্ৰদ্ধাৰে কামনা কৰিছে৷