তেজপুৰঃ অসমীয়া বাপতি সাহোন ৰঙালী বিহু লৈ মতলীয়া। আনহাতে মঙলবাৰে দ্বিতীয় বহাগৰ দিনা সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰৰ বিভিন্ন স্থানত গোসাই বিহু পালন কৰে৷ গাঁওসমূহৰ নানঘৰৰ লগতে সত্ৰ সমুহ গোসাই বিহুত অংশগ্ৰহণ কৰি নামকীৰ্তন কৰা দেখা গ’ল৷
তেজপুৰৰ বালিপুখুৰি সত্ৰত পালন কৰা গোসাই বিহুত বালিপুখুৰি সত্ৰ সত্ৰাধীকাৰ ৰামেশ্বৰ মহন্তৰ পৰিচালনাত নাম অনুষ্ঠিত হয়। উল্লেখ্য যে,
অসমীয়া নৱবৰ্ষৰ ব’হাগৰ দ্বিতীয় দিনটোত ‘গোঁসাই বিহু’ পালন কৰা হয়। বিশেষকৈ গোঁসাই বিহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত পালন কৰা হয় যদিও ঠাই বিশেষে এই বিহুক ‘হাট বিহু’ হিচাপে পালন কৰা হয়।