তেজপুৰঃ তেজপুৰৰ দাতি কাষৰিয়া অঞ্চলত এতিয়াও অব্যাহত আছে চুলাই মদৰ অবৈধ বেহা। কেইদিনমানৰ পূৰ্বে গোলাঘাট, যোৰহাটত চুলাই খাই প্ৰায় দুই শতাধিক লোকৰ প্ৰাণ লোৱাৰ পিছতো কোনো প্ৰভাৱেই পৰা নাই তেজপুৰৰ মোৱামাৰিৰ ৰাজোৱাৰ বস্তি এলেকাত।
মঙলবাৰে তেজপুৰৰ মোৱামাৰিৰ ৰাজোৱাৰ বস্তিত দিনদুপৰতে চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে। হাতে হাতে লাঠি লৈ চুলাই অভিযানত নমাসকল আৱকাৰী বিভাগৰ কৰ্মী নহয়। অভিযানত নামিছে বেবেজিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া শৰৎ দাসৰ নেতৃত্বৰ আৰক্ষীসকল।