তেজপুৰঃ ১৯৮৬ চনত পথাৰৰ কবি খ্যাত ৰাম গগৈয়ে প্ৰতিষ্ঠা কৰা সদৌ অসম কবি সন্মিলনে অন্যতম জিলা শোনিতপুৰ জিলাৰ মধ্যকালিন অধিৱেশন তেজপুৰৰ ঐতিহ্যমণ্ডিত ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ বাসগৃহ ‘পকী’ত দিনজোৰা কাৰ্যসূচীৰে দেওবাৰে অনুষ্ঠিত হৈ যায়।
শোনিতপুৰ জিলা কবি সন্মিলনে সমূহ শাখাৰ বৃহৎ সংখ্যক প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰে। শোনিতপুৰ জিলা সন্মিলনৰ সভাপতি ডাঃ হৰেণ শইকীয়াই পতাকা উত্তোলন আৰু জিলা সম্পাদক অপুৰ্ব বৰাই স্মৃতি তৰ্পণ অনুষ্ঠানৰ মুকলি কৰে।