103
তেজপুৰঃ অসমবাসী ৰাইজৰ বাপতি সাহোন চেনেহৰ ৰঙালী বিহুটি প্ৰায় মেলানিৰ ক্ষণত উপনীত হৈছে। চ’ত অাৰু ব’হাগ বিহুৰ দোমাহীৰ দিনাখনৰ পৰা গৰু বিহুৰ অাৰম্ভ হোৱা সাত বিহুৰ অাজি চেৰা বিহু।
চৌদিশে ৰঙালীৰ ৰঙৰে ৰাঙলী হৈ থাকোতে ৬ বহাগৰ দিনাখন চেৰা বিহুৰ লগত সংগতি ৰাখি তেজপুৰবাসীয়ে উদযাপন কৰিলে গছ বিহু। কৃষি প্ৰধান বৃহত্তৰ অসমীয়া জাতিটোৰ কৃষকসকলে প্ৰকৃতি অাৰু গছৰ লগত ওতঃপ্ৰোতভাবে জড়িত বাবেই তেজপুৰৰ অধিকাংশই পালন কৰিলে গছ বিহু।