তেজপুৰঃ তেজপুৰৰ বালিপুখুৰী তিনিআলিস্থিত এচ কে কিডচ শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰাক ৰঙালী বিহু উদযান কৰা হয় বিদ্যালয়ৰ প্ৰাংগনত। ভাৰতৰ বিভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলক বিহুৰ বিষয়ে ব্যাখ্যা কৰে অভিভাৱক, ঘগৰা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক, সমাজ সেৱক শিৱসাগৰৰ পাৰ্থপ্ৰতীম দত্তই। 

ছাত্ৰ-ছাত্ৰী সকলে বিহু নাচ, গীত, কবিতা আদি এককভাৱে পৰিৱেশন কৰে। ভাৰতৰ বিভিন্ন স্থানত বহাগ মাহক বিভিন্ন নামেৰে বষন্ত উৎসৱ হিচাবে পালন কৰা হয়। সেয়ে সকলো ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে নিজ নিজ জাতীয় পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰি আনি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত প্ৰদৰ্শন কৰাৰ উপৰিও লগে ভাগে গ্ৰহণ কৰে। 

শেষত অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষয়িত্ৰী সকলোৱে একেলগে এটি বিহু নাচেৰে অনুষ্ঠানৰ সমাৰণি মাৰে।