তেজপুৰৰপৰা অপূৰ্ব বৰাঃ ১৯৮৩ চনত অসম অন্দোলনৰ সময়ত মিলনবাকৰি অঞ্চল যুৱকবৃন্দই অংশগ্ৰহণ কৰি বিভিন্ন নিৰ্যাতনৰ বলি হৈছিল তেতিয়া মিলনবাকৰি অঞ্চলৰ আই-মাতৃসকল আগবাঢ়ি আহি মিলনবাকৰিত সমবেত হৈছিল|

মিলনবাকৰি ৰাইজ তথা আইসকলে ব’হাগৰ সাত তাৰিখে ৰাজহুৱাভাৱে নাম পাতি আন্দোলনত অংশগ্ৰহণ কৰা যুৱকসকলৰ মংগল কামনা কৰিছিল।

সেই পৰম্পৰা আজিও অখুন্ন ৰাখা হৈছে। দেওবাৰে বৃক্ষৰোপন কাৰ্যসূচী পালন কৰা হয়। কাৰ্যসূচী মুকলি কৰে বয়োজ্যেষ্ঠ নাগৰিক যোগেন দাস আৰু অপুৰ্ব বৰাই| মহিলাসকলে জেং বিহুও গায়। অনুষ্ঠানত তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীও উপস্থিত থাকে।