51
তেজপুৰঃ বিগত সময়ছোৱাত গৱেষণা, শিক্ষাদান, আন্তঃগাঁথনি আদি সকলো ক্ষেত্ৰতে দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰূপে স্বীকৃত পোৱা তেজপুৰ বিশ্ববিদ্যালয়ৰ শিৰত পুনৰ উজ্বলিছে গৌৰৱৰ আন এক মুকুট।
তেজপুৰ বিশ্ববিদ্যালয়লৈ আকৌ লাভ কৰিছে আন এক ৰাষ্ট্ৰীয় সন্মান। ২০১৫-১৬ বৰ্ষৰ ৰাজ্যভাষা হিন্দীৰ শ্ৰেষ্ঠ ৰূপায়ণৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ক আগবঢ়োৱা হৈছে এক বিশেষ বঁটা।