ওৰাংঃ কবিতাৰ স্তৱকত আৱদ্ধ সেই কল্পনাৰ শুৱনি গাঁওখনেই যেন আক্ষৰিক অৰ্থত দেখা গৈছে ওদালগুৰিৰ এখন গাঁৱত। স্বচ্ছ ভাৰত অভিযানক ১০০ শতাংশই সাৰ্থকতা প্ৰদান কৰা এই গাঁওখনে দাঙি ধৰিছে এক আদৰ্শ।
জিলাখনৰ মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত ওৰাঙৰ আওঁনাজুলি গাঁও খনে সৃষ্টি কৰিছে এক সুন্দৰ নিদৰ্শন। গেলাবিল ভিচিডিচিৰ (গাওঁ পঞ্চায়ত) অন্তৰ্গত আওঁনাজুলি গাঁৱখনত ভিচিডিচি সভাপতি জনাকিৰণ দৈমাৰীৰ উদ্যোগত আৰু গাঁওবাসীৰ সহযোগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ সপোনক এক বাস্তৱ ৰূপ দিবলৈ প্ৰয়াস কৰি সফল হৈছে। গাঁও খনৰ অধিকাংশ লোকেই কৃষিজীৱি।