গোৰেশ্বৰঃ যিটোসময়ত ৰাজ্য চৰকাৰ নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱত ব্যস্ত আছে সেই সময়তে বাগসা জিলাৰ শুক্লাই নৈ এইবাৰো গোৰেশ্বৰবাসীৰ বাবে চকুপানী হৈ বোৱাৰ শংকাত দিন নিয়াইছে বানপিড়িত ৰাইজে। বাগসা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ মহৰিপাৰাৰ পশ্চিম অংশৰে বৈ যোৱা শুক্লাই নৈৰ বান খহনীয়াই এইবাৰো অৰ্ধশতাধিক গাঁৱৰ লোকক সৰ্বশ্ৰান্ত কৰাৰ শংকা ঘনীভূত হৈছে।
নিজকচুলাত যোৱা কেবাবছৰ ধৰি শুক্লাই নৈৰ খহনীয়া আৰু বানপানীয়ে ভীষণ ৰূপ ধাৰণ কৰি আহিছে। উল্লেখ্য যে যোৱা বাৰিষাৰ সময়তো এই অঞ্চলটোত প্ৰায় তিনিশ মিটাৰ মথাউৰি বানৰ প্ৰবল সোঁতে উটুৱাই নিছিল। ইয়াৰোপৰি প্ৰতি বছৰে এই মথাউৰিৰ নিৰ্মাণৰ বাবে লক্ষ-লক্ষ টকা জলসম্পদ বিভাগে খৰচ কৰি আহিছে যদিও কোনো সুফল পোৱা নাই।