পুণেঃ কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ অব্যাহত আছে ভাৰতৰ। ইতিমধ্যে আক্ৰান্তৰ সংখ্যাই হাজাৰৰ ঘৰ স্পৰ্শ কৰাৰ দিশে তীব্ৰ গতিত ধাৱিত হৈছে। ইয়াৰ মাজতো সকলোৱে দেখিছে যুদ্ধ জয়ৰ আশা। এই আশাক আৰু অধিক সজীৱ কৰি তুলিছে এগৰাকী মহিলা ভাইৰ’লজিষ্টে। দেশবাসীৰ স্বাস্থ্যৰ কথা চিন্তা কৰিয়েই এইগৰাকী মহিলা ভাইৰ’লজিষ্টে মনৰ পৰা নিলগাই ৰাখিছিল নিজৰ স্বাস্থ্যৰ কথা। আনকি আহিবলগীয়া সন্তানৰ কথাও পাহৰি তেওঁ ব্যস্ত হৈ পৰিছিল কেৱল গৱেষণাত।
যোৱা বৃহস্পতিবাৰে ভাৰতত থলুৱাভাৱে নিৰ্মিত কৰ’না টেষ্টিং কিট বজাৰত মুকলি কৰি দিয়া হৈছে। এই টেষ্টিং কিটৰ জৰিয়তে কভিড-১৯ৰ ৰোগীসকলক অতি কম সময়ৰ ভিতৰত আৰু কম খৰচতে ধৰা পেলাব পৰা যাব বুলি জনাইছে বিশেষজ্ঞসকলে। পুণেৰ মায়’লেব ডিস্কভাৰী নামৰ প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰি উলিওৱা এই টেষ্টিং কিটে ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰাও প্ৰয়োজনীয় অনুমতি আৰু অনুমোদন লাভ কৰিছে।