মুম্বাইঃ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে কৰ’না ভাইৰাছৰ আতংক। লকডাউনত আৱদ্ধ প্ৰায় প্ৰতিখন দেশ। কৰ’নাৰ বিৰুদ্ধে যুদ্ধৰ বাবে বিশেষ পুঁজিৰ ব্যৱস্থা কৰিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে। সাধ্যমতে সক্ষমসকলক সহায়ৰ হাত আগবঢ়াবলৈকো আহ্বান জনোৱা হৈছে। 

ইয়াৰ মাজতে দেশৰ কৰ’না আক্ৰান্তসকলক চিকিৎসাৰ বাবে তথা মহামাৰীবিধৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সহায়ক হোৱাকৈ সহায় কৰিবলৈ আগবাঢ়ি আহিছে টাটা গোষ্ঠী। শনিবাৰে এক টুইটৰ জৰিয়তে ইয়াৰ বাবে ₹৫০০ কোটিৰ অনুদান ঘোষণা কৰিছে টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই।

কৰ’নাক বাধা দিবলৈ চিকিৎসাৰ সৰঞ্জাম ক্ৰয়ৰ বাবে এই ধনৰাশি ব্যৱহাৰ কৰা হ’ব বুলি জনাইছে ৰতন টাটাই। তেওঁ কয় যে কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত এতিয়া দেশৰ সমুখত প্ৰত্যাহ্বানে দেখা দিছে। এই প্ৰত্যাহ্বান যেনেকৈ নহওক অতিক্ৰম কৰিবই লাগিব বুলিও মন্তব্য কৰে বৰ্ষীয়ান শিল্পপতিগৰাকীয়ে।

উল্লেখ্য যে, ভাৰতত কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই শনিবাৰে হৈছেগৈ ৯৩৩ গৰাকী। ইয়াৰে ২১ জনৰ ইতিমধ্যে মৃত্যু ঘটিছে। চৰকাৰী সূত্ৰৰ মতে আজিৰ দিনটোতে ভাৰতত অতি কমেও ৮০ জনতকৈও অধিক লোকৰ দেহত ধৰা পৰিছে কৰ’না পজিটিভ।