57
ৰঙিয়াঃ ভ্ৰাম্যমান জগতৰ জনপ্ৰিয় অভিনেতা হৰ্ষ জ্যোতি দাসে মঙলবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক সাৱতি লয়। যোৱা কিছুদিন ধৰি অভিনেতা জনে বৃক্কৰ লগতে আন কেইবাটাও ৰোগত গুৰুতৰ ভাবে অসুস্থ হৈ আছিল।
পৰিয়ালৰ লোকে জানিবলৈ দিয়ামতে নিশা ১১.৫৫ বজাত চিকিৎসা মহাবিদ্যালয়ত দাসে মৃত্যুক সাৱতি লয়। ইফালে আজি পুৱাৰ ভাগত অভিনেতা জনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ সাংস্কৃতি প্ৰেমী লোকসকলৰ মাজত শোঁকৰ ছাঁ পৰে।