109
নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা বাস্তৱিকতে সফল হৈছে নে নাই তাক লৈ পুনৰ উত্থাপিত হৈছে প্ৰশ্নৰ। চৰকাৰে সোমবাৰে সংসদত দাখিল কৰা এক তথ্যৰ পিছতে আঁচনিখনক লৈ ইমানদিনে কৰি অহা সাফল্যৰ দাবী সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।
সংসদত দাখিল কৰা তথ্য অনুযায়ী যোৱা ৫ বছৰত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ ৪.১৩ কোটি হিতাধিকাৰীয়ে এবাৰো চিলিণ্ডাৰ ৰিফিল কৰোৱা নাই। আনহাতে ৭.৬৭ কোটি হিতাধিকাৰীয়ে এই ৫ বছৰত মাত্ৰ এবাৰহে চিলিণ্ডাৰ ৰিফিল কৰিছে।