ডিজিটেল ডেস্কঃ গৰমৰ বন্ধত কণমানিহঁতক লৈ এইবাৰ ক’লৈ যাব? শ্বিলং নে দাৰ্জিলিং? শ্বিলঙলৈ গ'লে ক'বলগীয়া একো নাই। কিন্তু ভুলতো দাৰ্জিলিঙলৈ নাযাব। গ'লে নিগমে মৰিব। কিয়নো ভাষাক লৈ বিগত কিছুদিন ধৰি ৰক্তাক্ত হৈ পৰিছে শান্ত সমাহিত পাহাৰীয়া দাৰ্জিলিং।

পশ্চিম বংগত মমতা বেনাৰ্জী চৰকাৰে ৰাজ্যখনৰ বিদ্যালয়ত বাংলা ভাষা বাধ্যতামূলক কৰা হ’ব বুলি ঘোষণা কৰাৰ লগে লগে ক্ষোভত ফাটি পৰিছে দাৰ্জিলিং৷ এই ঘোষণাৰ প্ৰতিবাদত যোৱা ৫ জনত গোৰ্খা জনমুক্তি মৰ্চাই দাহ কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পুত্তলিকা৷ তেতিয়াৰ পৰা ক্ৰমাত অগ্নিগৰ্ভা হৈ পৰিছে এই আন্দোলন৷

১৯০৭ চনত প্ৰথমবাৰৰ বাবে দাৰ্জিলিঙক গোৰ্খালেণ্ড হিচাপে ঘোষণা কৰিছিল পশ্চিমবংগৰ উত্তৰ অংশত থকা গোৰ্খাসকলে৷ ইয়াৰ পিছত ক্ৰমে গোৰ্খা নেশ্যনেল লিবাৰেশ্যন ফ্ৰন্ট (১৯৮৬-১৯৮৮) আৰু গোৰ্খা জনমুক্তি মৰ্চাই ২০০৭ চনৰ পৰা আজিকোপতি পৃথক গোৰ্খালেণ্ডৰ দাবীত আন্দোলন চলাই আহিছে৷

শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ ঘোষণাত পুনৰ জ্বলি উঠে পাহাৰীয়া শান্ত চহৰখন৷ চহৰখনৰ অধিকাংশ লোকেই হৈছে নেপালী সম্প্ৰদায়ৰ। সেয়ে মমতা চৰকাৰৰ উক্ত সিদ্ধান্তৰ পিছতে ক্ষোভত ফাটি পৰে সমগ্ৰ অঞ্চলটো।বাংলা ভাষা বলপূৰ্বকভাৱে জাপি দিয়াতো কোনো কাৰণতে মানি লোৱা নহ'ব বুলিও স্পষ্ট কৰি দি দাৰ্জিলিংবাসীয়ে আন্দোলনলৈ সম্পূৰ্ণৰূপে সমৰ্থন আগবঢ়ায়।

এনেদৰে বন্ধ আৰু প্ৰতিবাদৰ মাজতে শনিবাৰে গোৰ্খা জনমুক্তি মৰ্চা আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা অপ্ৰিতীকিৰ পৰিস্থিতিৰ বাবে অধিক ৰক্তাক্ত হৈ পৰে সমগ্ৰ অঞ্চলটো৷ মৰ্চাৰ একাংশ কৰ্মীয়ে আই আৰ বিৰ এজন জোৱানৰ ডিঙি কাটি পেলোৱাৰ বাতৰিও পোহৰলৈ আহিছে। আনহাতে গোৰ্খা জনমুক্তিৰ নেতা বিমল গুৰুঙে আৰক্ষীয়ে গুলীচালনা কৰা বুলি অভিযোগ উত্থাপন কৰে৷ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, আজি পৰ্যন্ত প্ৰতিবাদৰ ফলত ৫গৰাকী লোক নিহত হোৱাৰ উপৰিও আহত হৈছে শতাধিক লোক৷

প্ৰতিবাদকাৰীক দমন কৰিবলৈ অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে৷ প্ৰতিবাদকাৰীয়ে চহৰখনৰ কেইবাটাও কাৰ্যালয়ত অগ্নিসংযোগ কৰিও প্ৰতিবাদ সাব্যস্ত কৰিছে৷ আৰক্ষীয়ে গোৰ্খাসকলে বহুদিনৰ পৰাই এই হিংসাত্মক আন্দোলনৰ প্ৰস্তুতি চলাইছিল বুলি অভিযোগ উত্থাপন কৰিছে৷ পশ্চিমবংগ চৰকাৰৰ লগত কোনো ধৰণৰ আলোচনাত বহিবলৈকো নাকচ কৰিছে সংগঠনটোৰ নেতাসকলে৷ আনহাতে গোৰ্খাসকলৰ এই আন্দোলনৰ প্ৰতি সমৰ্থন জনাইছে অসমৰ বিদ্ৰোহী সংগঠন  এনডিএফবিয়ে৷

উল্লেখ্য যে এইখিনি সময়তে আটাইতকৈ বেছি পৰ্যটকৰ আগমন ঘটে দাৰ্জিলিঙলৈ৷ এই আন্দোলনৰ ফলত সহস্ৰাধিক পৰ্যটক আবদ্ধ হৈ পৰিছে চহৰখনত৷ প্ৰতিবাদ অনিৰ্দিষ্টকাললৈ অব্যাহত থাকিব বুলি স্পষ্ট কৰি দি কোনো পৰ্যটক আহিব বিচাৰিলে সম্পূৰ্ণৰূপে নিজৰ ৰিস্কত আহিব লাগিব বুলিও প্ৰকাশ কৰিছে বিমল গুৰুঙে৷

জি জে এমৰ নেতাসকলৰ ভাষ্যলৈ চাই বহুতে বাংলা ভাষা জাপি দিয়াৰ বিৰোধিতাৰ লগতে দাৰ্জিলিঙত পৃথক গোৰ্খালেণ্ডৰ আন্দোলনো অনাগত দিনসমূহত অধিক তীব্ৰতৰ হৈ পৰিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে। সেয়ে এইবাৰৰ গৰমৰ বন্ধত ভুলতো স্বাস্থ্যকৰ চহৰখনলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে পৰ্যটন বিশেষজ্ঞসকলে।