69
ছিপাঝাৰঃ ১১ বছৰ আগতে এদিন পৰিস্থিতিৰ দাস হৈ এগৰাকী মহিলাই আধাতে সামৰিব লগীয়া হৈছিল সপোন৷ কিন্তু দৰিদ্ৰতাৰ শিকলি চিঙি অৱশেষত সফলতা পালে মহিলা গৰাকীয়ে৷ তিনিটাকৈ সন্তানৰ মাতৃ হৈও অতি ভিতৰুৱা গাঁৱৰ মহিলাগৰাকীয়ে পাৰ কৰিলে প্ৰৱেশিকা পৰীক্ষাৰ দেওনা৷
প্ৰৱল ইচ্ছাশক্তি আৰু ধৈৰ্যৰ পৰিচয়েৰে আদৰ্শ হিচাপে থিয় দিয়া এই মহিলাগৰাকীয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে, তাকো প্ৰথম বিভাগত৷