Home অন্যান্য খবৰNo Corona! কাৰ্বি আংলঙত ৪টাকৈ কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপনৰ প্ৰস্তুতি

No Corona! কাৰ্বি আংলঙত ৪টাকৈ কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপনৰ প্ৰস্তুতি

by News Desk
A+A-
Reset
corona-baru-dari-china

বোকাজানঃ অসমত এতিয়ালৈ কৰ’না ভাইৰাছত কোনো লোক আক্ৰান্ত নহ’লেও সম্ভৱপৰ যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সৰিয়হজান ছাই ক্ৰীড়া খেলপথাৰতো স্থাপন কৰা হ’ব কোৱাৰেণ্টাইন কেন্দ্ৰ। সেই উদ্দেশ্যে বোকাজান মহকুমাৰ অতিৰিক্ত সহকাৰী আয়ুক্ত দিলীপ টেৰাঙে সৰিয়হজান ছাই ক্ৰীড়া খেলপথাৰখন পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত তেখেতে তাত দুটা হোষ্টেল বিল্ডিঙ প্ৰত্যক্ষ কৰে। প্ৰতিটো বিল্ডিঙতে ১১তাকৈ কোঠা, ৫ তাকৈ লেটিন আৰু ৫ তাকৈ বাথৰুম আছে। বিল্ডিঙ দুটাৰ কাৰেণ্টৰ ব্যৱস্থাৰ লগতে পানীৰ ব্যৱস্থাও সম্পূৰ্ণ হৈ থকা প্ৰত্যক্ষ কৰে। সকলো সুবিধাৰে পৰিপূৰ্ণ হৈ থকা ছাই ক্ৰীড়া খেলপথাৰৰ এই বিল্ডিঙ দুটাক বোকাজান মহকুমাত কোৱাৰেণ্টাইন কেন্দ্ৰ ৰূপে অধিগ্ৰহণ কৰিবলৈ সহকাৰী আয়ুক্তগৰাকীয়ে আজি জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াক এক পত্ৰ যোগে বিল্ডিঙ দুটাৰ সবিশেষ জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0